Choose a track to play
Single / Track
"কাৰ উশাহ!"
দীঘল হৈ পৰি থকা ৰাতিটোৱে সুধিলে!
"ইমান উদাস ?
আন্ধাৰখিনি মোক দিয়া"
ৰাতিৰ ৰাতিটো পাৰ কৰিছোঁ
শুনা- নুশুনাকৈ
পাৰ নোহোৱা জয়াল ৰাতিটোক
শুবলৈ দিছোঁ
এতিয়া ?
উশাহ নাই
এতিয়া নিশাহো নাই
কাৰ উশাহ !
গলি থকা বৰফৰ টুকুৰা
টুকুৰা টুকুৰ
যেন চকুৰে নামি অহা
যেন লুণীয়া সোণ!
মোৰ মাত শুনিছা ?
হেৰাই যোৱা মাত !
কাৰ উশাহ!
ইমান উদাস!
কাৰ উশাহ!
দীঘল হৈ পৰি থকা ৰাতিটোৱে সুধিলে
"ইমান উদাস?"
কাৰ উশাহ!
ইমান উদাস!
কাৰ উশাহ!