Choose a track to play
পাখি-পাখি এই মন, পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি, পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম এৰি অহা পদূলিত
বুটলি আন ল'ৰালি
উৰি, পাখি মেলি যা উৰি
দেউতাৰ হাঁহিৰে, আইৰ স'তে উমলি
ৰ'দে-বৰষুণে ধেমালি
আজলী সেই আবেলি
উৰি, পাখি মেলি যা উৰি
দোকমোকালিৰ মোৰ পঢ়াশালি
ইংৰাজী-অংক, তপিনাত এছাৰি
খিৰিকীৰ ফাঁকেৰে মুকুতিৰ আবেলি
ঘৰলৈ উভতি খেলা মৰা-মৰি
দেউতাৰ ৰঙা চকু
একে কোবে মাৰ বুকু
পঢ়া টেবুলত ভাগৰৰ টোপনি
আইৰ নিচুকনি, মৰমৰ বুলনি
পাখি-পাখি এই মন, পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি, পাখি মেলি যা উৰি
জোনমণি ৰুনজুন
তেতিয়া চকুত জোন
নিভাঁজ আবেগৰ টোপাটোপে সৰা সোণ
সাঁতুৰি-নাদুৰি এটি এটি ৰাতি-দিন
খেলা লুকাচুৰি, নিজকে বিচাৰোঁ, সোণ
ৰঙা-নীলা চিলা
উৰি উৰি মনে খেলা
এতিয়া কবিতা গানৰে শলিতা
অকলে বুকুতে চকুলো বুটলি
পাখি-পাখি এই মন, পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি, পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম এৰি অহা পদূলিত
বুটলি আন ল'ৰালি
উৰি, পাখি মেলি যা উৰি
দেউতাৰ হাঁহিৰে, আইৰ স'তে উমলি
ৰ'দে-বৰষুণে ধেমালি
আজলী সেই আবেলি
উৰি, পাখি মেলি যা উৰি