মোৰ গানৰ মিঠা নিজৰা
সুৰে সুৰে যাব বৈ
মেঘ হৈ আনি দিব
শুকান মাটিত সুখ
পাহাৰৰ কাষতে
নাচিব পথাৰে
শ্যামল শস্য হৈ
বতাহে তুলিকা লব
আল্পনা আঁকিব
বতাহে তুলিকা লৈ
সপোন আঁকিব
দৰদী উশাহৰে নদীত দৰদী
ধাননি সোণালী ধাননিৰ
সুৰভি আহিছে বাগৰি
গানতে বিকশি প্ৰকাশি
কাঁচিয়লি পোহৰত
জিলমিল জোনাকত
অমানিশা আঁতৰিব
শাৰদী জোনাকৰে ৰাগীত শাৰদী
জুৰণি চিফুংৰ বাঁহীত
হেঁচোকি জগাই পৃথিৱী
সুৰতে কাকূতি মিনতী
ফেঁহু-জালি পৰত
হেঙুলী প্ৰভাতত
দশোদিশ সাৰ পাব