Elige una pista para reproducir
যামে তহতৰ ঘৰলৈ
তোকে চাবলৈ
উৰি ফুৰিছে পগলা মন
তোৰে কাষলৈ
সপোনে দিঠকে এতিয়া তই
বোৱালি প্ৰেমৰে নৈ
ডেকা বুঢ়া বলিয়া কৰিছ
ৰামায়ণ এখন ৰচিছ
গাওঁৰ তিনিআলিত
তোৰে নাম
কিনো মায়াজাল পাতিছ (2)
তোৰেনো বৃন্দাবনৰ
কলিয়া হ'বৰে মন
হবিনে ৰাধা জনী তই মোৰ
ভগাই কলিজাখন
তোৰে নামৰে ভজন
গামে মই চিৰজীৱন
কৰিলেও মানি জামে তোৰ
বৃটিছৰ দৰে শাসন
মু'গা ৰিহা মেখেলা
কিনো তোক লাগিব ক'
যি লাগে আনি দিমে মই
মাথো তই মোৰে হৈ ৰ
এনেকে নহব ন'
মৰমবোৰ মোলৈকে থ'
তোৰে উকা কপালতে
মোৰে নামে লিখি ল'