Elige una pista para reproducir
আপুনি আহিব
উশাহো বাঢ়িব
অচিনা অনুভুতিয়ে বুকুতে নামিব
কাষলে নাহিব
জীয়াই মাৰিব
দুচকুৰে দুয়োকাষে চকুলো সৰিব
প্ৰনয়ৰে ৰং
কপালত আঁ কি
ৰাখিবনে মৰমে বুকুতে সাৱতি
অভিমানো বাঢ়িব আজি
কাষৰতে ৰ'লে আপুনি
এই অভিনয় মৰম কিজানি
অভিমানো বাঢ়িব আজি
কাষৰতে ৰ'লে আপুনি
এই অভিনয় মৰম কিজানি
মোৰ অনুৰাগ মাথোঁ আপুনি
ভালপোৱা লাহে লাহে বাঢ়ি আহে
আধৰুৱা এটি এটি ভাৱনাতে
থৈ দিয়া বহুকথা হেঁপাহতে
ক'ম হিয়া খুলি আজি আপোনাকে
হায়
দেৰিকৈ নাহিব
আমনি কৰিব
বুকুখনে
ঘনে ঘনে
প্ৰনয়ৰে ৰং
কপালত আঁকি
ৰাখিবনে মৰমে বুকুতে সাৱতি
অভিমানো বাঢ়িব আজি
কাষৰতে ৰ'লে আপুনি
এই অভিনয় মৰম বিচাৰি
অভিমানো বাঢ়িব আজি
কাষৰতে ৰ'লে আপুনি
এই অভিনয় মৰম বিচাৰি
মোৰ অনুৰাগ মাথোঁ আপুনি