Elige una pista para reproducir
এই মায়াৰ ধৰাত
দুদিন মাথোঁ থাকিবা তুমি
জীৱন গ'লেই গ'ল
নিবলে' একোকে নেপাবা তুমি
লোৱা লোৱা আৰু লোৱা
খোৱা খোৱা আৰু খোৱা, একো নাই
মাৰা মাৰা আৰু মাৰা
চেপি চেপি তেজ খোৱা, শূন্য হায়
আমাৰো যি প্ৰাণ
তোমাৰো সেই প্ৰাণ
শিলেৰে খোদিত সময়
মৰণ নামৰ নদী
তোমাৰো বাবে বয়
জোৱাৰত সকলো সমান
যিমানেই নেবান্ধা বান্ধোন
সিমানেই জুৰিব কান্দোন
নিজৰে শিৰতে কালপুৰুষ
তোমাৰো যি সপোন
আমাৰো সপোন
সপোনেৰে চিলোৱা উদৰ
দুখন হাতৰ মুঠিত
একেই সমান মাটি
সাজিবলে' একেই কবৰ
ইফাল-সিফাল তল-ওপৰ
ওখ-চাপৰ চিঞৰ-বাখৰ
অৰ্থ যে নাই, ই ধুৰূপ