Elige una pista para reproducir
যৌৱন অধৰত
তোমাৰ পৰশত
জীপাল কৰি হিয়া
আৱেগৰ পথাৰত
হেঙুলী আভাসত
উতনুৱা মন দলিচা
তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ
তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ...!!!
যৌৱন অধৰত
তোমাৰ পৰশত
জীপাল কৰি হিয়া
আৱেগৰ পথাৰত
হেঙুলী আভাসত
উতনুৱা মন দলিচা
অনুভৱী হৃদয়তে
লাগি ৰোৱা আৱেগতে
ভাবি ভাবি আঁকিলো মাদকতা ভৰা ছবিখনি
পলকতে বাট ধৰা
হাঁহিলে মুকুতা সঁৰা
ক্ষণে ক্ষণে শিহৰিত আজি মোৰ কবিতাটি
পূজিছো তোমাকেই মোৰ চেনেহী
মৰমৰ চিঞাহী মোৰ প্ৰনামী...।।।
যৌৱন অধৰত
তোমাৰ পৰশত
জীপাল কৰি হিয়া
আৱেগৰ পথাৰত
হেঙুলী আভাসত
উতনুৱা মন দলিচা
খোজে খোজে বিচাৰো আল্পনা তোমাৰ
শাৰদী জোনাকী নিশা
আলফুলে দুহাতে লাজুকী চাৱনিৰে বুলাবা মায়াবী তৃষা
তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ
তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ...!!!
যৌৱন অধৰত
তোমাৰ পৰশত
জীপাল কৰি হিয়া
আৱেগৰ পথাৰত
হেঙুলী আভাসত
উতনুৱা মন দলিচা