Elige una pista para reproducir
যুগে-যুগে, প্ৰতি খোজে তোমাতেই মই হ'ম বিলীন
এন্ধাৰৰে চুকে-চুকে আছোঁ মই তোমাতে লীন
অনুৰাধা, অনুৰাধা
অনুৰাধা, অনুৰাধা
সময়ৰে খাঁজে-খাঁজে বৈ আহে ৰাতি-দিন
হৃদয়ৰে সীমনাতে অশ্ৰু-নিগৰা বীণ
অনুৰাধা, অনুৰাধা
অনুৰাধা, অনুৰাধা
চকুৱেদি বৈ আহে নিদ্ৰাহীন কবিতা
এন্ধাৰতো জ্বলি মৰে নজ্বলোৱা শলিতা
সপোনৰো শেষ আছে
শেষ নহয় হতাশা
জ্বলি জ্বলি জ্বলে মাথোঁ, হেৰুৱালোঁ ওঁঠৰ ভাষা
অনুৰাধা, অনুৰাধা
অনুৰাধা, অনুৰাধা
চকুৰে নৈ বৈ বৈ, বৈ আহে নিৰৱতা
সুখে-দুখে জীৱনে দি যায় নীৰ ব্যাকুলতা
জীৱনৰো শেষ আছে
শেষ নহয় জিজ্ঞাসা
মৃত্যুৱে চুমা যাচে চুমাতেই যেন প্ৰত্যাশা
অনুৰাধা, অনুৰাধা
অনুৰাধা, অনুৰাধা
কবিতাৰে কাহিনী শেষ হওঁ হওঁ, অনুৰাধা
কবিতাৰে কাহিনী শেষ নহয়, অনুৰাধা
কবিতাৰো শেষ আছে
শেষ নহয় স্তব্ধতা
শব্দবোৰ লেখি লেখি ছুব খোজে মৌনতা
অনুৰাধা, অনুৰাধা
অনুৰাধা, অনুৰাধা
অনুৰাধা, অনুৰাধা