Elige una pista para reproducir
ভাগৰ বুজিকে নাপালোঁ
কান্ধত পৃথিৱী দাঙিলো
তামাম কিৰিলি পাৰিলো
হেজাৰ চুপতি মাৰিলো
সৰু সৰু ধিতিঙালি
সৰু দুষ্টামী ডাঙৰ নহম
যেন কাহানিও,
পৰো পৰোঁ বাগৰি,
যদি উজুতিত, বন্ধু ধৰিবা তুমি ।
পঢ়াশালি পাঠৰ কেকুৰীতে পাওঁ
খুলি মেলি জীবন, কিনো পঢ়ি চাও
কোনজনী কালৈ হব জুখি চাও
লগৰীয়াৰ হাঁহিৰ খিলিকণি প্ৰাণ ভৰি চাও
এই সময়ক, যেন ধৰি থওঁ
যেন বান্ধি থওঁ, মজগুল পৃথিৱী আমাৰ
ধৰো ধৰো খাবতি,কি আকাশ কি মাটি,
সাহেই যেতিয়া সঁহাৰি,
ঘূৰি ঘূৰি আমি অঘৰী
কি চহৰ, কি হাবি
ফূৰ্তিৰ ঠিকনা খেদি,
পঢ়াশালি পাঠৰ কেকুৰীতে পাওঁ
খুলি মেলি জীবন, কিনো পঢ়ি চাও
কোনজনী কালৈ হব জুখি চাও
লগৰীয়াৰ হাঁহিৰ খিলিকণি প্ৰাণ ভৰি চাও।
কাৰ আবেগত, কাৰ হাহাঁকাৰ
কাৰ শৰীৰত, স্নাইয়ো বিওপিছে কাৰ
সৰু সৰু ধিতিঙালি
সৰু দুষ্টামী ডাঙৰ নহম
যেন কাহানিও,
পৰো পৰোঁ বাগৰি,
যদি উজুতিত, বন্ধু ধৰিবা তুমি ।
পঢ়াশালি পাঠৰ কেকুৰীতে পাওঁ
খুলি মেলি জীবন, কিনো পঢ়ি চাও
কোনজনী কালৈ হব জুখি চাও
লগৰীয়াৰ হাঁহিৰ খিলিকণি প্ৰাণ ভৰি চাও।