Elige una pista para reproducir
আহিনমহীয়া কুঁৱলীৰ চেঁচা পৰশ
ৰদো যেন লুকাব
কুঁৱলী আচলত সুবাস শেৱালীৰ
ঠেৰেঙা শীতে বোৱাব
মলয়া বতাহে
কাণে কাণে
তোমাৰ কথাকে কব
কাৰ খোজে সৰাব
সুকোমল পাহিটি
বেলিটিয়ে চাই ৰব
সেই খোজতে নূপুৰৰ ৰাগ
হেঁপাহতে মনো হয় সজাগ
তোমাক দেখাৰ অনুৰাগ
তোমাক পোৱাৰ অনুৰাগ
ডাৱৰৰ কোলাতে নিয়ৰৰ ফুল
জিলিকি ৰয় সীমনাত
সৰি পৰে প্ৰভাতি বেলাতে
সেমেকা দুবৰি দলিছাত
কিয় অনুৰূপ ছবি আঁকে
দেখিলেই মন জোৰ পৰে
কেওকাষে জীপাল কৰে
তোমালৈ মোৰ মনত পৰে
সেই খোজতে নূপুৰৰ ৰাগ
হেঁপাহতে মনো হয় সজাগ
তোমাক দেখাৰ অনুৰাগ
তোমাক পোৱাৰ অনুৰাগ