Выберите трек для воспроизведения
সূতাৰে নহয় চিলোৱা জীৱন
জীৱন শিলে সজা
শিলুৱা পিঠিত আঁকি মোহাৰি
লিখিলোঁ কত বেথা
মনতে সাঁচিলো মনৰ কাহিনী
কোৱা শুনাতো নহ'ল
কাষৰ মানুহো অচিনাকি হৈ
লাহে লাহে আঁৰ হ'ল
দুখ আওৰাই
শোক মেৰিয়াই
ভুল লেখি লেখি যাওঁ
এইপাৰে নৈৰ
হেৰোৱা হেঁপাহ
সিপাৰে যদিহে পাওঁ
কোঢ়াল মনত পানী খচকি
মনে মনে দুভৰি লুকাবলে যায়
দুভৰিৰ তলত আঘাত এমুঠি
চাপি-কুছি নীৰৱে থাকে জীয়াই
নাঁতৰে ভয় আকুল হৃদয়
নিচুকনিকে গাওঁ
পাহৰে হয় তাকৰ সময়
উভতি দুখকে পাওঁ
বোজাৰে জীৱন কেনেকৈ উজাই
নৈৰ সতে বিবাদ
পাল তৰি ব'ঠা মাৰি
সাজো যুঁজৰ বাট
এমোন সাহত দুমোন সপোন
দেখা বুজাতো নহ'ল
কাষৰ মানুহো অচিনাকি হৈ
লাহে লাহে আঁৰ হ'ল
দুখ আওৰাই
শোক মেৰিয়াই
ভুল লেখি লেখি যাওঁ
এইপাৰে নৈৰ
হেৰোৱা হেঁপাহ
সিপাৰে যদিহে পাওঁ