Выберите трек для воспроизведения
ৰাখিবলে' তোমাক
নালাগে এখন ঘৰ
মোৰ বুকুতে ৰাখিম
ওৰেটো জীৱনভৰ
তুমি দিবাঁ মৰম
সেই মৰমে মোক
ৰাখিব যেন জীয়াই
নালাগিব ভোক
টোপনি তোমাৰ নাহিলে তোমাক ওচৰ চপাই আনিম মোৰ
শুৱাম তোমাক বুকুতে লৈ
শুনাম নিজান ৰাতিৰ সুৰ
অভিমান কৰিবাঁ
মনটো ভৰিব
মোৰ মৰমত সেই অভিমান গলিব
নিজানতে বহিবাঁ
মনতে পৰিব
মোৰ কথাবোৰেই আমনি কৰিব
টোপনি তোমাৰ নাহিলে তোমাক ওচৰ চপাই আনিম মোৰ
শুৱাম তোমাক বুকুতে লৈ
শুনাম নিজান ৰাতিৰ সুৰ
দলিচা পাৰিছোঁ
মনত আহিবাঁ
মনতে থাকিবাঁ তুমি
থাকিলে মৰমবোৰ
হৃদয়ো থাকিব
হৃদয়ত থাকিবাঁ তুমি
ধুমুহাও আহিব
এন্ধাৰ এন্ধাৰ কৰি
থাকিম তোমাৰ স'তে
তোমাৰ হাতে ধৰি
মৰমে বান্ধিব
মৰম-এনাজৰী
মোৰ নামৰ জীৱন
তোমাৰ নামৰ কৰি
টোপনি তোমাৰ নাহিলে তোমাক ওচৰ চপাই আনিম মোৰ
শুৱাম তোমাক বুকুতে লৈ
শুনাম নিজান ৰাতিৰ সুৰ