Выберите трек для воспроизведения
শিকলি চিঙি তুমি যাবা কেনেকৈ?
আজি মোক পাহৰি
মৰমৰ এনাজৰী এনেকৈ আজোঁৰি
কেনি যোৱা আতৰি?
"মই তৰা আকাশৰ, মই পৰী সপোনৰ
নাহিবা কাষলে নুচুবা মোক৷
জোন—বেলি একাকাৰ মোৰ এই ৰূপতেই
সময়ো যে থমকি চাই মাথো মোৰ৷"
অভিমানী
"চুব খুঁজিলেই নিজে হেৰুৱাব
চাব খুজিলেই এন্ধাৰ দেখিব
সপোনহে মাথো নহওঁ দিঠক মই
বুজি পোৱা যদি পোৱা৷
আলসোৱা মন নোৱাৰা বান্ধিব
সজা ভাঙি থৈ উৰিব খুজিব
সময় থাকোতেই দুচকু মোহাৰি
সাৰ পোৱা যদি পোৱা৷"
অভিমানী প্ৰিয়া মোৰ,, নুশুনো নুবুজো মই
তোমাৰ তৰা চকু, আশা মোৰ তিৰেবিৰাই৷
শিকলি চিঙি তুমি যাব নোৱাৰা
আজি মোক পাহৰি
অভিমানী
"এদিন দুদিনকৈ বছৰ বহু গ'ল
এপল দুপলকৈ সময় গলি গ'ল
তোমাৰ আশাতেই হৃদয় জলি ৰ'ল
নুবুজিলা মোৰ বেথা৷
এতিয়া আহিছা আকৌ কাষলৈ
পাহৰা সপোনক জীৱন দিবলৈ
চকুত পোহৰ সিঁচি এন্ধাৰ হ'বলৈ
ক'ত পালা অধিকাৰ কোৱা?"
অভিমানী প্ৰিয়া মোৰ,, একেদৰেই আছো মই
আহিব আকৌ ঘুৰি জোনাক নিবিৰ প্ৰণয়৷
শিকলি চিঙি তুমি যাবা কেনেকৈ?
আজি মোক পাহৰি
মৰমৰ এনাজৰী এনেকৈ আজোঁৰি
কেনি যোৱা আতৰি?
"তুমি মোৰ আবেলি, হাইতাৰ হেঙুলী
কৰিলাহি ৰাঙলী, হিয়া মোৰ এধানি৷
সকলো পাহৰি, নতুনক আদৰি
খোজ দিওঁ আমি অতীতক গচকি৷"