Выберите трек для воспроизведения
তুমি মোৰ মনাকাশত জ্বলি থকা ৰূপালী জোনাক
অ', ৰূপালী জোনাক
বেছিদিন নৰওঁ, দেহা, Honda City-ত লৈ আনিম তোমাক
অ', লৈ আনিম তোমাক
তুমি মোৰ মনাকাশত জ্বলি থকা ৰূপালী জোনাক
অ', ৰূপালী জোনাক
বেছিদিন নৰওঁ, দেহা, Honda City-ত লৈ আনিম তোমাক
অ', লৈ আনিম তোমাক
ৰং-ৰং-ৰঙাকৈ দুগালতে, ঐ
ম-ম-মৰমবোৰ যাচি দিমেগৈ
সুখতো হ'বাঁহি, দুখতো হ'বাঁহি মোৰ
তোমাৰ দৰে কোন হ'ব আন!
তুমি মোৰে দেহাজান
মৰমতে মোলে' অভিমান
কেলৈ কৰা সুধি চাম
তোমাৰ দৰে কোন হ'ব আন!
তুমি মোৰে দেহাজান
মৰমতে মোলে' অভিমান
কেলৈ কৰা সুধি চাম
ৰং-ৰং-ৰঙাকৈ দুগালতে, ঐ
ম-ম-মৰমবোৰ যাচি দিমেগৈ
সুখতো হ'বাঁহি, দুখতো হ'বাঁহি মোৰ
মই-তুমি যে "আমি" হ'ম ভগাই কলিজাখন
ম-মৰমৰ অলংকাৰ পঠাবাঁ চেনাইধন
আয়তীয়ে জুৰিব আমালে' যোৰা-নাম
ও-ওৰণি টানি লৈ তোমালে' বাটে চাম
অ', তোমাৰ লাহি-পাহি অনামিকা আঙুলিত
এ, অনামিকা আঙুলিত
বান্ধি লৈ মৰমবোৰ দৰা সাজি ওলামগৈ
এ, তোমালোকৰ পদূলিত
বুকু দুৰু-দুৰুকৈ কঁপিবনে তোমাৰ, ঐ?
নকৰিবাঁ তুমি ভয়, কাষতে থাকিমে মই
ৰং-ৰং-ৰঙাকৈ দুগালতে, ঐ
ম-ম-মৰমবোৰ যাচি দিমেগৈ
সুখতো হ'বাঁহি, দুখতো হ'বাঁহি মোৰ
সুখতো হ'বাঁহি, দুখতো হ'বাঁহি মোৰ