Выберите трек для воспроизведения
পাৱে পৰি হৰি কৰোহো কাতৰি
প্ৰাণ ৰাখবি মোৰ
পাৱে পৰি হৰি কৰোহো কাতৰি
প্ৰাণ ৰাখবি মোৰ
বিষয় বিষধৰ, বিষে জৰ জৰ
জীৱন নাৰহে থোৰ ৷
অথিৰ ধন জন জীৱন যৌৱন
অথিৰ এহু সংসাৰ
পুত্ৰ পৰিবাৰ সবহি অসাৰ
কৰবো কাহেৰি সাৰ
কমল দল জল চিত্ত চঞ্চল
থিৰ নোহে তিল এক
নাহি ভয়ো ভৱ ভোগে হৰি হৰি
পৰম্পদ পৰতেক
কহতু শংকৰ এঃদুখ সাগৰ
পাৰ কৰা হৃষীকেশ
তুহ গতি মতি দেহু শ্ৰীপতি
তত্ত্ব পন্ঠ উপদেশ ৷৷
প্ৰাণ ৰাখবি মোৰ
পাৱে পৰি হৰি কৰোহো কাতৰি
প্ৰাণ ৰাখবি মোৰ
প্ৰাণ ৰাখবি মোৰ
প্ৰাণ ৰাখবি মোৰ ৷৷৷৷