Оберіть трек для відтворення
ভালপোৱা জানো এনেকুৱা?
কঁপেনে বুকু যেন ভাগৰুৱা?
ভালপোৱা জানো এনেকুৱা?
লাগেনে বুকু যেন আধৰুৱা?
খেলিমেলি প্ৰতিটো পুৱা
হেঁপাহতে নিজক সজোৱা
ভাৱনাতে তুমি যেন মোৰ এতিয়া
চোৱাঁনা মৰম, লোৱাঁনা মৰম
উশাহতে থাকিব দিয়াঁ
চোৱাঁনা মৰম, লোৱাঁনা মৰম
উশাহতে থাকিব দিয়াঁ
সপোন যেনেকৈ আকৌ
তোমাৰ দুচকুত
মৰম কেনেকৈ সানো
তোমাৰ দুবাহুত?
আধৰুৱা শব্দ মোৰ
কবিতাতে লীন হয়
কাষৰতে ৰৈয়ো আজি
অচিনাকি তুমি-মই
খেলিমেলি প্ৰতিটো নিশা
উশাহৰে অভিনৱ তৃষা
ভাৱনাতে তুমি যেন মোৰ এতিয়া
চোৱাঁনা মৰম, লোৱাঁনা মৰম
উশাহতে থাকিব দিয়াঁ
চোৱাঁনা মৰম, লোৱাঁনা মৰম
উশাহতে থাকিব দিয়াঁ