Оберіть трек для відтворення
মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ'ব
ভাবোঁ তোমাৰ বুকুত
প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ বেথা
ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ'ব
ভাবোঁ তোমাৰ বুকুত
দুচকুলে' তোমাৰ চালে সপোন আঁতৰি দিঠক নামে
ছুব খুজিলেই মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে
ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ'ব
ভাবোঁ তোমাৰ বুকুত
মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা