Оберіть трек для відтворення
অভিমানী ডাৱৰে উৰা মাৰে আজি
কাঁচিয়লি ৰ'দালি ফুলে পাহি মেলি
ৰাঙলী বেলি
তোৰে ধেমালি সাঁচি
পাতিমে ৰাতি
দীপাৱলী
মনৰে চিনেমাতে আজি
উছৱে আনি দিয়া ছবি
ধুমুহা নেভাঙিবি আহি
হেঁপাহে মেলি দিয়া ছাতি
সৰু সৰু আশাবোৰে মেলা
পাখিবোৰো আজি ছিঙা
ক'লা-বগা সময়েও পাতে
মুকলি মনে ৰং-মেলা
ৰাঙলী বেলি
তোলৈ লিখিম চিঠি
জিৰণি পালে
পঢ়ি চাবি
মনৰে বহীখনি মেলি
খেলিমে কটা-কটি আজি
খঙৰে চকুপানী কাটি
আঁকিমে ৰঙা-নীলা হাঁহি
অভিমানী ডাৱৰে উৰা মাৰে আজি
কাঁচিয়লি ৰ'দালি ফুলে পাহি মেলি
ৰাঙলী বেলি
তোৰে ধেমালি সাঁচি
পাতিমে ৰাতি
দীপাৱলী