Оберіть трек для відтворення
শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
শেৱালি তুমি মোৰ ৰাগিণী গীতৰ
শুকুলা মেঘৰ দৰদী-সৰগী-সুৰীয়া প্ৰাণ
আছুতীয়া মৰমৰ সুৰ, তুমিয়েই মোৰ গান
তুমি শেৱালি মোৰ প্ৰতি শৰতৰ
শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
(হে কৃষ্ণ)
শেৱালি, তুমি আহিবাঁ, ঐ, শাৰদী কুঁৱলী হৈ
শেৱালি, তুমি যাবাঁগৈ কুঁৱলী সিক্ত হৈ
শেৱালি, তুমি আহিবাঁ, ঐ, শাৰদী কুঁৱলী হৈ
শেৱালি, তুমি যাবাঁগৈ কুঁৱলী সিক্ত হৈ
অ', মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ
অ', মোৰ কাষতে বহি ৰৈ থাকিবাঁ শেষলৈ
শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালি তুমি মোৰ ৰাগিণী গীতৰ
মোৰ মিনতি তুমি, থাপনাৰ জেউতি-ৰাণী
নিয়ৰ গৰকি তুমি হোৱা লাজুকীজনী
মোৰ মিনতি তুমি, থাপনাৰ জেউতি-ৰাণী
নিয়ৰ গৰকি তুমি হোৱা লাজুকীজনী
পুৱা সৰি হোৱা তুমি কোমল দলিচাখনি
নাযাবাঁ তুমি আঁতৰি
শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালি তুমি মোৰ ৰাগিণী গীতৰ
(হে কৃষ্ণ)