Оберіть трек для відтворення
ৰমেন নামৰ এজন সুখী লোক
সুখী লোক, সুখী লোক
আজিৰ পৃথিৱীয়ে সোধে মোক
সোধে মোক, সোধে মোক
ৰমেন নাথ কিয় সুখী লোক, সুখী লোক
সোধে মোক
চুবুৰীৰে ভৰালী খুৰা
সংসাৰত একেটি ল'ৰা
ৰাতিখন থাকে ৰখি ৰখি
চিগাৰেটৰ ধোঁৱা হুপি হুপি
একেটি ল'ৰা ৰামৰে নিচা
ভৰালী খুৰাৰ সপোন হয় মিছা
একেটি ল'ৰা
বাইকতে উৰি, উৰি, উৰি
আহিবনে ভালে ভালে ঘূৰি
বিচনাত পৰি থাকে খুৰী
ল'ৰাৰ চিন্তাত চিৰ বেমাৰী
ভৰালী খুৰা দুঃচিন্তাই নেৰা
উজাগৰ নিশা, একেটি ল'ৰা
আকাশৰ পৰা মাটিতে সৰা
পপীয়া তৰা, একেটি ল'ৰা
ভৰালী খুৰা
ৰমেন নাথৰ নাই ল'ৰা
বাইকতে উৰি ফুৰা
মদিৰাতে ডুবি থকা
সেয়েহে ৰাতিখন নিদিয়ে পদূলিত পহৰা
নেদেখা সপোনে নেভাঙে টোপনি
দুবেলা দুমুঠি, সুখৰে ঘূমটি
সেয়ে তেওঁ সুখী
ৰমেন নাথ এজন সুখী লোক
সুখী লোক, সুখী লোক
ওচৰৰে কাকতি জেঠী
আগে-পিছে একেজনী জী
ঘৰত যে নাথাকে জেঠা
চৰকাৰী চাকৰীৰ লেঠা
প্ৰতিদিনে বাতৰিকাকত
খবৰ আহে টিভি চেনেলত
আঠমহীয়া শিশুকো নেৰে
পিশাচ হতে কীৰিলি পাৰে
কাকতি জেঠীৰ বাতৰি পঢ়ি
উঠে সেমেকি চকুৰে পাহি
একেজনী জী
বগীকৈ লাহী
ৰমেন নাথৰ নাই জী
নপঢ়ে বাতৰি
দুঃচিন্তাই নকৰে আমনি
নাই আজাৰ নাই বেজাৰ
দুবেলা দুমুঠি, সুখৰে ঘুমটি
সেয়েহে তেওঁ সুখী
ৰমেন নাথ এজন সুখী লোক
সুখী লোক, সুখী লোক
সুখী লোক, সুখী লোক
সুখী লোক
সুখী লোক