আ আ
ৰে ৰা ৰা
ৰে ৰে ৰা
না, ও
শালিকী পুৱাৰ ৰ'দালি দেখিলে
তোমালৈ মোৰ মনতে পৰে
বুকুৰ উশাহ হিম হৈ থাকে
কিজানি তোমাতে গলিব পাৰে
হিয়াৰ থাপনাত স্থাপিলো তোমাক
জনমে জনমে পূজিছো তোমাক
শালিকী পুৱাৰ ৰ'দালি দেখিলে
তোমালৈ মোৰ মনতে পৰে
তোমালৈ মোৰ মনতে পৰে
সন্ধিয়াৰ লুইতে জোকালে মোক
মেঘালী আকাশে জোকালে মোক
বলিয়া ফাগুনে জোকালে মোক
অসহায় শাওনে জোকালে মোক
কতে তোমাকে লগ পাও
খুলি মনৰ কথা কও
কতে তোমাকে লগ পাও
চিকুতি চিকুতি চাও
অ অ
মন ভৰি ৰই মাথো তোমাৰ বাবে
শালিকী পুৱাৰ ৰ'দালি দেখিলে
তোমালৈ মোৰ মনতে পৰে
বুকুৰ উশাহ হিম হৈ থাকে
কিজানি তোমাতে গলিব পাৰে
তিমিৰ বৰন তোমাৰ চকুত
দেখিছিলোঁ মোৰে চকু জুৰিত
আঁকিলো তোমাতে যত আশা
হেৰুৱালোঁ মোৰ ওঁঠৰে ভাষা
যাযাবৰী দিন যায়
ৰাতিও যে নুপুৱায়
মিঠা মিঠা কথা কৈ
হাততো যে নৰয়
অ অ
সপোনে আগছে মনে মনে
শালিকী পুৱাৰ ৰ'দালি দেখিলে
তোমালৈ মোৰ মনতে পৰে
বুকুৰ উশাহ হিম হৈ থাকে
কিজানি তোমাতে গলিব পাৰে
হিয়াৰ থাপনাত স্থাপিলো তোমাক
জনমে জনমে পূজিছো তোমাক
শালিকী পুৱাৰ ৰ'দালি দেখিলে
তোমালৈ মোৰ মনতে পৰে
তোমালৈ মোৰ মনতে পৰে
তোমালৈ মোৰ মনতে পৰে